Show/Hide Keyboard Layout

নিবিড় বনে যে মাতিছে যা

- নিৰ্মলপ্ৰভা বৰদলৈ

নিবিড় বনে যে মাতিছে যা

যা যা দূৰণিলৈ

হেৰোৱা সুবাসে মাতিছে যা

নিবিড় বনে যে মাতিছে যা

যা পখী দূৰণিলৈ

হেৰোৱা সুবাসে মাতিছে যা

সোণৰে সঁজাটি এৰি তই যা ।

 

যা নীলিম আকাশলৈ

সোণালী ৰ’দে যে মাতিছে যা

জোনৰে জোনাকে মাতছে যা

যা নীলিম আকাশলৈ ।

 

শ্যামল শোভাই সানিব ৰং

অৱসাদে কৰে ধূসৰ মন

মৰুত হেৰোৱা জীৱন নদীক

বনৰ জুৰিয়ে দিবহি গতি

জীৱন মায়াৰে প্ৰাণৰ সুৰভি

বনতে বিচাৰি

কঠিন শিকলি ছিঙি দি যা ।

 

দূৰৰ পাহাৰে দিব যে পণ

ভীৰুতাৰে কিয় ভাঙিবি মন

জীৱন মায়াৰে প্ৰাণৰ সুৰভি

মহুৱা বনতে

আকাশে বতাহে বিচাৰি যা ।।

 

Hits: 1099